অসম ৰাজ্যখন

 


১) প্ৰশ্ন : ‘অসম’ শব্দটো সংস্কৃত অসমা শব্দৰ পৰা অনা হৈছে। ইয়াৰ অৰ্থ কি ?

উত্তৰ : অতুলনীয়।


২) প্ৰশ্ন : ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান ?

উত্তৰ : ৩,১১,৬৯,২৭২।


৩) প্ৰশ্ন : ২০১১ চনৰ লোকপিয়লৰ সমীক্ষা অনুসৰি অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা জিলা খনৰ নাম কি ?

উত্তৰ : নগাঁও।


৪) প্ৰশ্ন : ২০০১-২০১১ চনৰ ভিতৰত অসমত জনসংখ্যা বৃদ্ধিৰ শতকৰা হাৰ কিমান ?

উত্তৰ : +১৬.৯৩।


৫) প্ৰশ্ন : ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ কিমান ?

উত্তৰ : ৭৩.১৮।


৬) প্ৰশ্ন : অসমৰ কোন খন জিলাত পুৰুষ-মহিলাৰ অনুপাতৰ হাৰ সৰ্বাধিক ?

উত্তৰ : গোৱালপাৰা।


৭) প্ৰশ্ন : অসমৰ পুৰণি নাম কি ?

উত্তৰ : কামৰুপ আৰু প্ৰাগজ্যোতিষপুৰ।


৮) প্ৰশ্ন : ২০০১ ৰ লোকপিয়ল অনুসৰি অসমত মহিলা আৰু পুৰুষৰ জনসংখ্যাৰ শতকৰা হাৰ কিমান ?

উত্তৰ : ৫২% আৰু ৪৮%।


৯) প্ৰশ্ন : অসমৰ জাতীয় সংগীতটোৰ নাম কি আৰু ইয়াৰ ৰচক কোন ?

উত্তৰ : ‘অ’ মোৰ আপোনাৰ দেশ’ – ৰচক – লক্ষ্মীনাথ বেজবৰুৱা।


১০) প্ৰশ্ন : অসমৰ জাতীয় প্ৰতীক কি ?

উত্তৰ : এশিঙীয়া গঁড়।


১১) প্ৰশ্ন : অসমৰ কোন খন জিলাত গৰম পানীৰ উহ আছে ?

উত্তৰ : গোলাঘাট।


১২) প্ৰশ্ন : বদৰপুৰ উত্তৰ-পূব ৰেলৱেৰ এটা বৃহৎ জংচন। ই অসমৰ কোন খন জিলাত অৱস্থিত ?

উত্তৰ : কৰিমগঞ্জ।


১৩) প্ৰশ্ন : অসমৰ মাটিকালিয়ে দেশৰ সৰ্বমুঠ মাটিকালিৰ শতকৰা কিমান ভাগ আগুৰি আছে ?

উত্তৰ : ২.৩৯ (প্ৰায়) শতাংশ।


১৪) প্ৰশ্ন : অসমৰ মুঠ মাটিকালি কিমান ?

উত্তৰ : ৭৮,৪৩৮ (প্ৰায়) বৰ্গ কি:মি:।


১৫) প্ৰশ্ন : অসম বিধান সভাৰ মুঠ আসনৰ সংখ্যা কিমান ?

উত্তৰ : ১২৬ খন।


১৬) প্ৰশ্ন : লোক সভাত অসমৰ সদস্য সংখ্যা কিমান ?

উত্তৰ : ১৪ জন।


১৭) প্ৰশ্ন : অসমৰ পৰা কিমান জন সদস্যক ৰাজ্য সভালৈ নিৰ্বাচিত কৰি পঠোৱা হয় ?

উত্তৰ : ৭ জন 


   Ours offical site visit :   Click Here