💢💦   অসমীয়া ভাষা-সাহিত্যৰ প্ৰথম 💢💦



১/প্ৰথম অসমীয়া কথা-কবিতাৰ ৰচয়িতা কোন ?    

     উত্তৰ : যতীন্দ্ৰনাথ দুৱৰা।


২/প্ৰথম অসমীয়া চুটি গল্পৰ ৰচয়িতা কোন ?                  উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা।


৩/ অসমীয়া ছপা পুথি   কোনখন ?       

  উত্তৰ  : ‘ধৰ্ম পুস্তক’ (১৮১৩), আত্মাৰাম শৰ্মা।


৪/ অসমীয়া ভ্ৰমণ কাহিনী  কোনখন ?       

   উত্তৰ : ‘বিলাতৰ চিঠি’ (১৯৩৯), জ্ঞানদাভিৰাম বৰুৱা।


৫/ প্ৰথম অসমীয়া ছনেট কোনখন ?           

  উত্তৰ :‘প্ৰিয়তমাৰ চিঠি’, হেমচন্দ্ৰ গোস্বামী।


৬/ প্ৰথম অসমীয়া ছনেট পুথি   কোনখন ?       

  উত্তৰ : ‘মালচ’ (১৯১৮), হিতেশ্বৰ বৰবৰুৱা।


৬/প্ৰথম অসমীয়া গদ্য লেখক  কোন ?          

উত্তৰ  : ভট্টদেৱ।


৭/ প্ৰথম অসমীয়া গদ্য ৰচনা  কোন ?           

উত্তৰ : ভট্টদেৱৰ ‘কথা গীতা’।


৮/ প্ৰথম অসমীয়া ব্যাকৰণ কোনখন ?            

উত্তৰ : ‘গ্ৰামাৰ অব্‌ আছামিজ লেংগুৱেজ’ (১৮৩৯),

উইলিয়াম ৰবিনছন।


৯/ প্ৰথম অসমীয়া ছপা বুৰঞ্জী  কোনখন ?       

    উত্তৰ : ‘আসাম বুৰন্‌জি পুথি’ (১৮৪৪), 


১০/ সাহিত্য অকাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম   অসমীয়া  'কোন ? 

উত্তৰ  : ‘বনফুল’ (১৯৫২), যতীন্দ্ৰনাথ দুৱৰা।



১১/ অসমীয়া পুথি সাহিত্য অকাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া কোন ?  

    উত্তৰ : ‘ইয়াৰুইঙ্গম’ (১৯৬১), বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।


১২/  জ্ঞানপিঠ বঁটা বিজয়ী প্ৰথম অসমীয়া   কোন ?   

   উত্তৰ : ‘মৃত্যুঞ্জয়’ (১৯৭৯), বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।


১৩/ প্ৰথম অসমীয়া আধুনিক নাটক  পুথি  কোনখন ?

   উত্তৰ : ‘ৰাম-নৱমী’ (১৮৫৭), গুণাভিৰাম বৰুৱা।


১৪/  অসমীয়া আধুনিক জীৱনী কোনখন ?     

   উত্তৰ  : ‘আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ’

(১৮৮০), গুণাভিৰাম বৰুৱা।


১৫/ প্ৰথম অসমীয়া অনাতাঁৰ নাটক কোন খন ?     

   উত্তৰ : ‘বীণ বৰাগী’, প্ৰফুল্ল চন্দ্ৰ বৰুৱা। এইখন নাটক ১৯৩৫ চনত আকাশবাণীৰ কলিকতা কেন্দ্ৰৰ পৰা প্ৰচাৰ হৈছিল।


১৬/ প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা  কোনখন ?     
    উত্তৰ : ‘বনকুৱৰী’, চন্দ্ৰ কুমাৰ আগৰৱালা।

১৭/ ৰামায়ণৰ প্ৰথম অসমীয়া ভাঙনিকাৰ  কোন ?    
   উত্তৰ : মাধৱ কন্দলি, চতুৰ্দশ শতিকাত।

১৮/ প্ৰথম অসমীয়া গ্ৰন্থপঞ্জী  কোন খন ?                উত্তৰ : ‘অসমীয়া পুথিৰ তালিকা’, ১৯৩০ (Descriptive Catalogue of Assamese Manuscripts),সংকলন : হেমচন্দ্ৰ গোস্বামী।

১৯/ প্ৰথম অসমীয়া গল্প সংকলন কোন খন ?              উত্তৰ : ‘সুৰভি’ (১৯০৯), লক্ষ্মীনাথ বেজবৰুৱা।

২০/ প্ৰথম অসমীয়া ছপা উপন্যাস খন ?        
 উত্তৰ : ‘লাহৰী’ (১৮৯২), পদ্মনাথ গোহাঞি বৰুৱা।

২১/ প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাস  কোনখন ?     উত্তৰ : ‘ভানুমতী’ (১৮৯০),পদ্মনাথ গোহাঞি বৰুৱা।

২২/ জনজাতীয় জীৱনৰ আধাৰত ৰচিত   প্ৰথম অসমীয়া উপন্যাস ?  
 উত্তৰ : ‘মিৰি জীয়ৰী’ (১৮৯৪), ৰজনীকান্ত বৰদলৈ।

২৩/ প্ৰথম অসমীয়া অভিধান প্ৰণেতা কোন ?  
  উত্তৰ : যাদুৰাম ডেকাবৰুৱা (১৮০১-১৮৬৯) ;
 
২৪/ ৰামায়ণৰ কাহিনীৰ ভিত্তিত ৰচিত‘ৰাম বিজয়’, নাট্যকাৰ  কোন ?
 উত্তৰ : শংকৰদেৱ।


   Ours offical site visit :   Click Here